অনুবাদ
108 திருக்குறள் · 108 তিৰুক্কুৰল
তিৰুক্কুৰলৰ প্ৰথম 108টা অধ্যায়ৰ প্ৰতিটোৰ পৰা CICT-এ নিৰ্বাচন কৰা এটা কুৰল: ধৰ্ম (அறத்துப்பால்) আৰু অৰ্থ (பொருட்பால்) — এই দুয়োটা খণ্ডৰ সম্পূৰ্ণ অংশ, লগতে তামিল টীকা। অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানে কেৱল এই 108টা কুৰলৰ পৰাহে ইয়াৰ অনলাইন মূল্যায়নৰ প্ৰশ্ন ল'ব পাৰে; কুৰলসমূহ আপোনাৰ ভাষাত পঢ়ক, আৰু তামিল টীকা তামিলত পঢ়ক।
அறத்துப்பால் · Virtue
1. கடவுள் வாழ்த்து · The Praise of God
அகர முதல எழுத்தெல்லாம் ஆதிபகவன் முதற்றே உலகு.
অ’ হৈছে সকলো বৰ্ণমালাৰ আৰম্ভণি; সেইদৰে,
ভগৱানো বিশ্বব্ৰহ্মাণ্ডৰ মূল আধাৰ।
ভগৱানো বিশ্বব্ৰহ্মাণ্ডৰ মূল আধাৰ।
2. வான்சிறப்பு · The Blessing of Rain
வான்நின்று உலகம் வழங்கி வருதலால்தான்அமிழ்தம் என்றுணரற் பாற்று.
অমোঘ বৃষ্টিৰ বাবেই পৃথিৱীৰ অস্তিত্ব ৰক্ষা হৈছে,
সেয়ে ইয়াক অমৃত বুলি কোৱা হয়।
সেয়ে ইয়াক অমৃত বুলি কোৱা হয়।
3. நீத்தார் பெருமை · The Greatness of Ascetics
அந்தணர் என்போர் அறவோர்மற் றெவ்வுயிர்க்கும்செந்தண்மை பூண்டொழுக லான்.
জীৱমাত্ৰকেই প্ৰেমৰ জৰিয়তে শ্ৰেষ্ঠ ব্যৱহাৰ কৰা,
ধৰ্মপথত চলা সজ্জন লোককেই শ্ৰেষ্ঠ (বিপ্ৰ) বুলি কোৱা হয়।
ধৰ্মপথত চলা সজ্জন লোককেই শ্ৰেষ্ঠ (বিপ্ৰ) বুলি কোৱা হয়।
4. அறன் வலியுறுத்தல் · Assertion of the Strength of Virtue
அன்றறிவாம் என்னாது அறஞ்செய்க மற்றதுபொன்றுங்கால் பொன்றாத் துணை.
‘পাছত কৰিম’ বুলি নক’বা। এতিয়াই কৰা।
তেতিয়াহে তোমাৰ মৃত্যুৰ সময়ত সহায়ক হ’ব।
তেতিয়াহে তোমাৰ মৃত্যুৰ সময়ত সহায়ক হ’ব।
5. இல்வாழ்க்கை · Domestic Life
வையத்துள் வாழ்வாங்கு வாழ்பவன் வான்உறையும்தெய்வத்துள் வைக்கப் படும்.
যিজনে পৃথিৱীত আদৰ্শৰে জীৱন যাপন কৰিছে
তেওঁ দেৱতুল্য।
তেওঁ দেৱতুল্য।
6. வாழ்க்கைத் துணைநலம் · The Worth of a Wife
மங்கலம் என்ப மனைமாட்சி மற்றதன்நன்கலம் நன்மக்கட் பேறு.
এগৰাকী প্ৰতিভাসম্পন্ন গৃহিণীৰ সদগুণেই গৃহস্থৰ মাংগলিক শোভা আৰু ভাল সন্তান অতুলনীয় আভূষণ।
7. மக்கட்பேறு · The Wealth of Children
குழல்இனிது யாழ்இனிது என்பதம் மக்கள்மழலைச்சொல் கேளா தவர்.
‘বাঁহীৰ মাত মিঠা’, ‘য়ালৰ মাত মিঠা’– এনেকৈয়ে ক’ব,
মিমকলে, যিসকলে নিজৰ সন্তানৰ কলকলনি শুনা নাই।
মিমকলে, যিসকলে নিজৰ সন্তানৰ কলকলনি শুনা নাই।
8. அன்புடைமை · The Possession of Love
அன்பிலார் எல்லாம் தமக்குரியர் அன்புடையார்என்பும் உரியர் பிறர்க்கு.
প্ৰেমহীন সকলে সকলো নিজৰ বুলি ভাবে,
প্ৰেমেৰে পূৰ্ণ সকলে নিজৰ অস্থিকেইডালো আনৰ বুলি গণ্য কৰে।
প্ৰেমেৰে পূৰ্ণ সকলে নিজৰ অস্থিকেইডালো আনৰ বুলি গণ্য কৰে।
9. விருந்தோம்பல் · Hospitality
மோப்பக் குழையும் அனிச்சம் முகந்திரிந்துநோக்கக் குழையும் விருந்து.
অনিচ্চম ফুল যিদৰে শুঙিলে মৰহি যায় সেইদৰে গৃহস্থৰ শীতল চাৱনিত অতিথিৰ মুখো ক’লা পৰে। অনিচ্চমফুল: শুঙাৰ লগে লগে গোন্ধ আঁতৰি যোৱা এবিধ সংবেদনশীল কাঁইটীয়া ফুল। আমাৰ ‘লাজুকীলতা’ সদৃশ উদ্ভিদ।
10. இனியவை கூறல் · The Utterance of Pleasant Words
இனிய உளவாக இன்னாத கூறல்கனியிருப்பக் காய்கவர்ந் தற்று.
সুমধুৰ বচন থাকোঁতে কঠোৰ শব্দ ব্যৱহাৰ
কৰাটো পকা ফল থাকোঁতে কেঁচা ফল খোৱাৰ দৰে।
কৰাটো পকা ফল থাকোঁতে কেঁচা ফল খোৱাৰ দৰে।
11. செய்ந்நன்றியறிதல் · Gratitude
செய்யாமல் செய்த உதவிக்கு வையகமும்வானகமும் ஆற்றல் அரிது.
অন্যৰ পৰা সহায় লাভ নকৰিলেও নিজে সদায় সহায় কৰিবলৈ সাজু হৈ থকা ব্যক্তিৰ ঋণ স্বৰ্গ আৰু মৰ্ত্যয়ো শুজিবলৈ সমৰ্থ নহয়।
12. நடுவு நிலைமை · Impartiality
வாணிகம் செய்வார்க்கு வாணிகம் பேணிப்பிறவும் தமபோல் செயின்.
আনৰ সম্পদ নিজৰ বুলি ভাবি বেপাৰ
কৰাটো বণিকসকলৰ প্ৰকৃত নীতি।
কৰাটো বণিকসকলৰ প্ৰকৃত নীতি।
13. அடக்கம் உடைமை · The Possession of Self-restraint
தீயினாற் சுட்டபுண் உள்ளாறும் ஆறாதேநாவினாற் சுட்ட வடு.
জুইয়ে পোৰা ঘাও ভিতৰৰ পৰা শুকাই আহে। কিন্তু জিভাই পোৰা ঘা কেতিয়াও নুশুকায়।
14. ஒழுக்கம் உடைமை · The Possession of Decorum
ஒழுக்கம் விழுப்பந் தரலான் ஒழுக்கம்உயிரினும் ஓம்பப் படும்.
ভাল আচৰণে মানুহক সমৃদ্ধিৰ দিশলৈ লৈ যায়,
সেয়েহে ভাল আচৰণক জীৱনতকৈও শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
সেয়েহে ভাল আচৰণক জীৱনতকৈও শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।
15. பிறனில் விழையாமை · Not coveting another's Wife
பிறன்மனை நோக்காத பேராண்மை சான்றோர்க்குஅறனொன்றோ ஆன்ற வொழுக்கு.
যিজনে আনৰ পত্নীৰ প্ৰতি কুদৃষ্টি নিদিয়ে; তেওঁ মহান আৰু তেওঁ মৰ্যাদাৰে জীয়াই থাকে।
16. பொறையுடைமை · The Possession of Patience, Forbearance
பொறுத்தல் இறப்பினை என்றும் அதனைமறத்தல் அதனினும் நன்று.
আনৰ বেয়াখিনি সহন কৰাটো ভাল গুণ; কিন্তু পাহৰি যোৱাটো তাতোকৈও শ্ৰেষ্ঠ।
17. அழுக்காறாமை · Not Envying
ஒழுக்காறாக் கொள்க ஒருவன்தன் நெஞ்சத்துஅழுக்காறு இலாத இயல்பு.
ঈৰ্ষা নকৰা বক্তিক ভাল আচৰণৰ বুলি কোৱা হয়। ‘কাকো ঈৰ্ষা নকৰোঁ’— এনেধৰণৰ আচৰণ হ’ব লাগে।
18. வெஃகாமை · Not Coveting
அஃகாமை செல்வத்திற்கு யாதெனின் வெஃகாமைவேண்டும் பிறன்கைப் பொருள்.
নিজৰ ধন-সম্পত্তি ৰক্ষাৰ মূল উপায় হৈছে
আনৰ ধন-সম্পত্তিৰ প্ৰতি লোভ নকৰা।
আনৰ ধন-সম্পত্তিৰ প্ৰতি লোভ নকৰা।
19. புறங்கூறாமை · Not Backbiting
ஏதிலார் குற்றம்போல் தங்குற்றங் காண்கிற்பின்தீதுண்டோ மன்னும் உயிர்க்கு.
আনৰ দোষ যিদৰে লক্ষ্য কৰা যায় ঠিক তেনেদৰে নিজৰ দোষ লক্ষ্য কৰিলে মানুহে কিবা পাপ কৰিলেহেঁতেন নে?
20. பயனில சொல்லாமை · Against Vain Speaking
சொல்லுக சொல்லிற் பயனுடைய சொல்லற்கசொல்லிற் பயனிலாச் சொல்.
কেতিয়াও তুচ্ছ শব্দ ব্যৱহাৰ নকৰিবা,
সদায় ফলদায়ক শব্দ ব্যৱহাৰ কৰিবা।
সদায় ফলদায়ক শব্দ ব্যৱহাৰ কৰিবা।
21. தீவினையச்சம் · Dread of Evil Deeds
தீயவை தீய பயத்தலால் தீயவைதீயினும் அஞ்சப் படும்.
পাপ চিন্তাই পাপক টানি আনে; গতিকে
এজনে পাপক অগ্নিতকৈও ভয় কৰা উচিত।
এজনে পাপক অগ্নিতকৈও ভয় কৰা উচিত।
22. ஒப்புரவறிதல் · Duty to Society
கைம்மாறு வேண்டா கடப்பாடு மாரிமாட்டுஎன்னாற்றுங் கொல்லோ உலகு.
বৃষ্টিয়ে যেনেকৈ একো প্ৰতিদান নিবিচাৰে,
সেইদৰে সমাজৰ প্ৰতি কাম কৰি প্ৰতিদানত আমিও একো বিচাৰিব নালাগে।
সেইদৰে সমাজৰ প্ৰতি কাম কৰি প্ৰতিদানত আমিও একো বিচাৰিব নালাগে।
23. ஈகை · Giving
அற்றார் அழிபசி தீர்த்தல் அஃதொருவன்பெற்றான் பொருள்வைப் புழி.
দৰিদ্ৰসকলৰ ক্ষুধা নিবাৰণ কৰাটো হৈছে বিত্তবান সকলৰ অৰ্থ সঞ্চয়ৰ আটাইতকৈ নিৰাপদ ভঁৰাল।
24. புகழ் · Renown
ஈதல் இசைபட வாழ்தல் அதுவல்லதுஊதியம் இல்லை உயிர்க்கு.
জীৱনৰ যশস্যা দানৰ পৰা আহে,
তাৰ বাহিৰে মূল্যৱান একো হ’ব নোৱাৰে।
তাৰ বাহিৰে মূল্যৱান একো হ’ব নোৱাৰে।
25. அருளுடைமை · Compassion
அருட்செல்வம் செல்வத்துள் செல்வம் பொருட்செல்வம்பூரியார் கண்ணும் உள.
সম্পত্তিৰো সম্পত্তি হৈছে দয়া। বস্তুবাদী
সম্পত্তিতো হীনজনেও গোটাব পাৰে।
সম্পত্তিতো হীনজনেও গোটাব পাৰে।
26. புலால் மறுத்தல் · Abstinence from Flesh
கொல்லான் புலாலை மறுத்தானைக் கைகூப்பிஎல்லா உயிருந் தொழும்.
সকলো জীৱই তেওঁক পূজিব, যিয়ে
প্ৰাণীবধ কৰি ভক্ষণ কৰা নাই।
প্ৰাণীবধ কৰি ভক্ষণ কৰা নাই।
27. தவம் · Penance
உற்றநோய் நோன்றல் உயிர்க்குறுகண் செய்யாமைஅற்றே தவத்திற் குரு.
দুখক সহ্য কৰা আৰু আনক এবাৰলৈও
দুখ নিদিয়াটো প্ৰকৃত তপস্যাৰ লক্ষণ।
দুখ নিদিয়াটো প্ৰকৃত তপস্যাৰ লক্ষণ।
28. கூடா ஒழுக்கம் · Imposture
வலியில் நிலைமையான் வல்லுருவம் பெற்றம்புலியின்தோல் போர்த்துமேய்ந் தற்று.
সাধু-সন্ত হৈ জাহিৰ কৰি থকাটো ঠিক এটা গৰুৱে বাঘৰ ছাল পৰিধান কৰি ঘাঁহ খাই থকাৰ দৰে।
29. கள்ளாமை · The Absence of Fraud
எள்ளாமை வேண்டுவான் என்பான் எனைத்தொன்றும்கள்ளாமை காக்கதன் நெஞ்சு.
যি নিজে প্ৰৱঞ্চিত হ’ব নিবিচাৰে, তেওঁ নিজৰ
মনটোক ৰক্ষা কৰিব লাগে।
মনটোক ৰক্ষা কৰিব লাগে।
30. வாய்மை · Veracity
வாய்மை எனப்படுவது யாதெனின் யாதொன்றும்தீமை இலாத சொலல்.
“যদি সোধা হয় সত্য কি?” –তাৰ উত্তৰ হ’ব—
যিয়ে আনৰ অপকাৰ সাধিব নোৱাৰে।
যিয়ে আনৰ অপকাৰ সাধিব নোৱাৰে।
31. வெகுளாமை · Restraining Anger
தன்னைத்தான் காக்கின் சினங்காக்க காவாக்கால்தன்னையே கொல்லுஞ் சினம்.
মানুহে ক্ৰোধক বাধা দিয়া উচিত; নহ’লে
সেই ক্ৰোধে তেওঁকে ধ্বংস কৰিব।
সেই ক্ৰোধে তেওঁকে ধ্বংস কৰিব।
32. இன்னா செய்யாமை · Not doing Evil
இன்னாசெய் தாரை ஒறுத்தல் அவர்நாணநன்னயஞ் செய்து விடல்.
পাপ কাম কৰাসকলক শাস্তি দিয়াৰ একমাত্ৰ উপায় হৈছে তেওঁলোকৰ কুকৰ্মবোৰ পাহৰি তেওঁলোকৰ বাবে ভাল কাম কৰা।
33. கொல்லாமை · Not killing
பகுத்துண்டு பல்லுயிர் ஓம்புதல் நூலோர்தொகுத்தவற்றுள் எல்லாந் தலை.
বিদ্বানসকলৰ মতে সকলোকে ৰক্ষা কৰিবলৈ মানুহে নিজৰ আহা এৰি দিয়াটোও মহান কৰ্ম।
34. நிலையாமை · Instability
நெருநல் உளனொருவன் இன்றில்லை என்னும்பெருமை உடைத்துஇவ் வுலகு.
কালিৰখিনি আজি নাই,
এয়াই পৃথিৱীৰ আচৰিত ধৰণ আৰু বৈশিষ্ট্য।
এয়াই পৃথিৱীৰ আচৰিত ধৰণ আৰু বৈশিষ্ট্য।
35. துறவு · Renunciation
பற்றுக பற்றற்றான் பற்றினை அப்பற்றைப்பற்றுக பற்று விடற்கு.
সকলো আসক্তিৰ পৰা মুক্ত ভগৱানৰ সৈতে সম্পৰ্ক স্থাপন কৰিব লাগে। তেতিয়া সকলোৰে পৰা বন্ধনমুক্ত হয়।
36. மெய்யுணர்தல் · Truth-Conciousness
எப்பொருள் எத்தன்மைத் தாயினும் அப்பொருள்மெய்ப்பொருள் காண்பது அறிவு.
বাহ্যিক ৰূপৰ বিপৰীতে অন্তৰৰ সৌন্দৰ্য উপলব্ধি কৰি জ্ঞানৰ অন্বেষণ কৰিব লাগে।
37. அவா அறுத்தல் · Curbing of Desire
அவாஎன்ப எல்லா உயிர்க்கும் எஞ்ஞான்றும்தவாஅப் பிறப்பீனும் வித்து.
সকলো জীৱিত প্ৰাণীৰ বাবে আসক্তি
হৈছে পুনৰ্জন্মৰ বীজ।
হৈছে পুনৰ্জন্মৰ বীজ।
38. ஊழ் · Fate
ஊழிற் பெருவலி யாவுள மற்றொன்றுசூழினுந் தான்முந் துறும்.
ভাগ্যৰ বাহিৰে শক্তিশালী কি হ’ব পাৰে? এয়া এক শক্তি যি মানুহৰ প্ৰয়াসকো অতিক্ৰম কৰি যাব পাৰে।
பொருட்பால் · Wealth
39. இறைமாட்சி · The Greatness of a King
முறைசெய்து காப்பாற்றும் மன்னவன் மக்கட்குஇறையென்று வைக்கப் படும்.
যিজন ৰজাই সুচাৰুৰূপে শাসন কৰে, সকলোকে নিৰাপত্তা
দিয়ে, প্ৰজাসকলে তেওঁক ভগৱান হিচাপে মানি চলে।
দিয়ে, প্ৰজাসকলে তেওঁক ভগৱান হিচাপে মানি চলে।
40. கல்வி · Learning
கற்க கசடறக் கற்பவை கற்றபின்நிற்க அதற்குத் தக.
যি শিকা, তাক ভালদৰে অধ্যয়ন কৰিবা আৰু
সেই অনুসৰি আচৰণ কৰিবা।
সেই অনুসৰি আচৰণ কৰিবা।
41. கல்லாமை · Ignorance
விலங்கொடு மக்கள் அனையர் இலங்குநூல்கற்றாரோடு ஏனை யவர்.
মনুষ্যৰ ওচৰত পশু যি ধৰণৰ,
বিদ্বানসকলৰ ওচৰত অবিদ্বানসকলো সেই একে ধৰণৰ।
বিদ্বানসকলৰ ওচৰত অবিদ্বানসকলো সেই একে ধৰণৰ।
42. கேள்வி · Hearing
செல்வத்துட் செல்வஞ் செவிச்செல்வம் அச்செல்வம்செல்வத்து ளெல்லாந் தலை.
সম্পত্তিৰো সম্পত্তি হৈছে শ্ৰৱণ। শ্ৰৱণৰ সম্পত্তি
সকলোতকৈ শ্ৰেষ্ঠ আৰু মহান।
সকলোতকৈ শ্ৰেষ্ঠ আৰু মহান।
43. அறிவுடைமை · The Possession of Knowledge
எப்பொருள் யார்யார்வாய்க் கேட்பினும் அப்பொருள்மெய்ப்பொருள் காண்ப தறிவு.
কোনো এটা বিষয়ত অন্যই যি মন্তব্যই প্ৰদান নকৰক কিয়,
সত্যৰ অন্বেষণ কৰাই হৈছে জ্ঞান।
সত্যৰ অন্বেষণ কৰাই হৈছে জ্ঞান।
44. குற்றங்கடிதல் · The Correction of Faults
தன்குற்றம் நீக்கிப் பிறர்குற்றங் காண்கிற்பின்என்குற்ற மாகும் இறைக்கு?
ৰজাই যদি প্ৰথমে নিজৰ দোষ আঁতৰাই আনৰ বিচাৰ কৰিবলৈ যায়; তেতিয়াহ’লে তেওঁকনো কোনে দোষাৰোপ কৰিব?
45. பெரியாரைத் துணைக்கோடல் · Seeking the Aid of Great Men
இடிப்பாரை இல்லாத ஏமரா மன்னன்கெடுப்பா ரிலானுங் கெடும்.
যি শাসকৰ দোষ-ত্ৰুটি দেখুৱাই দিয়া ব্যক্তি
নাথাকে, তেওঁ শত্ৰুৰ ওচৰত ধ্বংস হয়।
নাথাকে, তেওঁ শত্ৰুৰ ওচৰত ধ্বংস হয়।
46. சிற்றினம் சேராமை · Avoiding mean Associations
நிலத்தியல்பால் நீர்திரிந் தற்றாகும் மாந்தர்க்குஇனத்தியல்ப தாகும் அறிவு.
ভূমিৰ গুণ অনুসৰি তাত বৈ যোৱা পানীৰ গুণৰ সলনি হয়। ঠিক সেইদৰে মানুহৰ সংগ অনুসৰি ৰুচিৰ পৰিৱৰ্তন ঘটে।
47. தெரிந்து செயல்வகை · Acting after due Consideration
எண்ணித் துணிக கருமம் துணிந்தபின்எண்ணுவம் என்பது இழுக்கு.
প্ৰথমে আঁচনি কৰা আৰু তাৰ পাছত কাম কৰা। ‘প্ৰথমে কাম কৰিম,
তাৰ পাছত ভাবিম’— কাৰ্যই ধ্বংস মাতি আনে।
তাৰ পাছত ভাবিম’— কাৰ্যই ধ্বংস মাতি আনে।
48. வலியறிதல் · The Knowledge of Power
வினைவலியும் தன்வலியும் மாற்றான் வலியும்துணைவலியும் தூக்கிச் செயல்.
কিবা এটা কাৰ্য কৰাৰ আগতে নিজৰ শক্তি,
শত্ৰুৰ শক্তি আৰু সহযোগীৰ শক্তি চাইহে আগবঢ়া উচিত।
শত্ৰুৰ শক্তি আৰু সহযোগীৰ শক্তি চাইহে আগবঢ়া উচিত।
49. காலமறிதல் · Knowing the fitting Time
கொக்கொக்க கூம்பும் பருவத்து மற்றதன்குத்தொக்க சீர்த்த இடத்து.
বগলীৰ দৰে উপযুক্ত সময়লৈ অপেক্ষা কৰিব লাগে। যেতিয়া উপযুক্ত সময় উপস্থিত হ’ব তৎক্ষণাত আঘাত কৰিব লাগে।
50. இடனறிதல் · Knowing the Place
நெடும்புனலுள் வெல்லும் முதலை அடும்புனலின்நீங்கின் அதனைப் பிற.
গভীৰ পানীত ঘঁৰিয়ালে সকলোকে বধ কৰিব পাৰে। কিন্তু পানীৰ বাহিৰে অন্যস্থলত ঘঁৰিয়ালকহে বধ কৰিব।
51. தெரிந்து தெளிதல் · Selection and Confidence
குணம்நாடிக் குற்றமும் நாடி அவற்றுள்மிகைநாடி மிக்க கொளல்.
এজন মানুহৰ ভাল আৰু বেয়া দুয়োটা দিশকে বিবেচনা কৰি ভাল গুণবোৰৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন কৰা উচিত।
52. தெரிந்து வினையாடல் · Selection and Employment
இதனை இதனால் இவன்முடிக்கும் என்றாய்ந்துஅதனை அவன்கண் விடல்.
কোনো এটা কাৰ্য ব্যক্তিজনে যিকোনো প্ৰকাৰে কৰিব পাৰিব বুলি আশ্বস্ত হোৱাৰ পাছতহে নিয়োগ কৰা উচিত।
53. சுற்றந் தழால் · Cherishing Kinsmen
காக்கை கரவா கரைந்துண்ணும் ஆக்கமும்அன்னநீ ரார்க்கே உள.
কাউৰীয়ে নিজৰ আহাৰ লুকুৱাই নাৰাখি যিদৰে বন্ধুবৰ্গক মাতে; ঠিক তেনেদৰে আত্মীয়-স্বজনৰ প্ৰতি একে ভাৱ পোষণ কৰাজনে সৌভাগ্যক লাভ কৰে।
54. பொச்சாவாமை · Unforgetfulness
முன்னுறக் காவாது இழுக்கியான் தன்பிழைபின்னூறு இரங்கி விடும்.
নিজৰ বিপদ আৰু দুখৰ কথা প্ৰথমতে নভবাসকলে পাছত বিপদত পৰিলে দুখ কৰিব লগা হয়।
55. செங்கோன்மை · The Right Sceptre
வானோக்கி வாழும் உலகெல்லாம் மன்னவன்கோல்நோக்கி வாழுங் குடி.
সমগ্ৰ মানুহে আকাশলৈ চাই বৃষ্টিৰ অপেক্ষাত যিদৰে ৰৈ থাকে; ঠিক তেনেদৰে সুশাসনলৈ প্ৰজাসকলো ৰৈ থাকে।
56. கொடுங்கோன்மை · The Cruel Sceptre
அல்லற்பட்டு ஆற்றாது அழுதகண் ணீரன்றேசெல்வத்தைத் தேய்க்கும் படை
উৎপীড়িতসকলৰ অসহ্যকৰ চকুপানীয়েই হৈছে ৰজাৰ অৰ্থ-সম্পদ ধ্বংস কৰিব পৰা অস্ত্ৰ।
57. வெருவந்த செய்யாமை · Absence of Terrorism
தக்காங்கு நாடித் தலைச்செல்லா வண்ணத்தால்ஒத்தாங்கு ஒறுப்பது வேந்து.
প্ৰকৃত ৰজাই গোচৰসমূহ ভালদৰে নিৰীক্ষণ
কৰে আৰু তাৰ পাছতহে শাস্তি প্ৰদান কৰে।
কৰে আৰু তাৰ পাছতহে শাস্তি প্ৰদান কৰে।
58. கண்ணோட்டம் · Benignity
பெயக்கண்டும் நஞ்சுண் டமைவர் நயத்தக்கநாகரிகம் வேண்டு பவர்.
বন্ধুৱে বিহ যচাৰ পাছতো উদাৰসকলে গ্ৰহণ
কৰি শান্ত আৰু নম্ৰ হৈ থাকে।
কৰি শান্ত আৰু নম্ৰ হৈ থাকে।
59. ஒற்றாடல் · Detectives
ஒற்றும் உரைசான்ற நூலும் இவையிரண்டும்தெற்றென்க மன்னவன் கண்.
উপযুক্ত গুপ্তচৰ আৰু সততাপূৰ্ণ নীতিশাস্ত্ৰ—
এই দুটা হৈছে ৰজাৰ দুই চকু স্বৰূপ।
এই দুটা হৈছে ৰজাৰ দুই চকু স্বৰূপ।
60. ஊக்கம் உடைமை · Energy
வெள்ளத் தனைய மலர்நீட்டம் மாந்தர்தம்உள்ளத் தனையது உயர்வு.
পদুম ফুলৰ ঠাৰি কিমান দীঘল হ’ব পানীৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক তেনেদৰে মানুহৰ মহানতা উদ্যমশীলতাৰ ওপৰত নিৰ্ভৰ কৰে।
61. மடி இன்மை · Unsluggishness
நெடுநீர் மறவி மடிதுயில் நான்கும்கெடுநீரார் காமக் கலன்.
বিলম্ব, পাহৰণি, এলাহ আৰু নিদ্ৰা সেইসকলৰ
প্ৰিয় বাহন; যাৰ ধ্বংস হোৱাৰ সম্ভাৱনা থাকে।
প্ৰিয় বাহন; যাৰ ধ্বংস হোৱাৰ সম্ভাৱনা থাকে।
62. ஆள்வினை உடைமை · Manly Effort
அருமை உடைத்தென்று அசாவாமை வேண்டும்பெருமை முயற்சி தரும்.
‘এয়া কঠিন’ বুলি কেতিয়াও নিৰাশ হ’ব নালাগে। অধ্যৱসায়ে কোনো এটা কাম কৰিবলৈ শক্তি প্ৰদান কৰে।
63. இடுக்கண் அழியாமை · Hopefulness in Trouble
இடுக்கண் வருங்கால் நகுக அதனைஅடுத்தூர்வது அஃதொப்ப தில்.
বিপদৰ সময়তো হাঁহি থাকিবা, দুখক জয়
কৰাৰ সমান একো হ’ব নোৱাৰে।
কৰাৰ সমান একো হ’ব নোৱাৰে।
64. அமைச்சு · The Office of Minister of state
கருவியும் காலமும் செய்கையும் செய்யும்அருவினையும் மாண்டது அமைச்சு.
যিজন মন্ত্ৰীয়ে উপযুক্ত সময় আৰু সঠিক স্থানত দুৰ্লভ কৰ্ম সম্পাদন কৰিব পাৰে, সেইজনেই সঠিক মন্ত্ৰী।
65. சொல்வன்மை · Power of Speech
சொல்லுக சொல்லைப் பிறிதோர்சொல் அச்சொல்லைவெல்லுஞ்சொல் இன்மை அறிந்து.
সদায় এনেকুৱা শব্দ নিৰ্বাচন কৰা উচিত
যাক বেলেগ শব্দই খণ্ডন কৰিব নোৱাৰে।
যাক বেলেগ শব্দই খণ্ডন কৰিব নোৱাৰে।
66. வினைத் தூய்மை · Purity in Action
ஈன்றாள் பசிகாண்பான் ஆயினுஞ் செய்யற்கசான்றோர் பழிக்கும் வினை.
নিজৰ মাতৃক ভোকাতুৰ অৱস্থাত দেখিলেও এনে কৰ্ম কৰা উচিত নহয়,
যাক পুণ্যাত্মাসকলে স্বীকাৰ নকৰে।
যাক পুণ্যাত্মাসকলে স্বীকাৰ নকৰে।
67. வினைத்திட்பம் · Power in Action
எண்ணிய எண்ணியாங்கு எய்துப எண்ணியார்திண்ணியர் ஆகப் பெறின்.
যিসকলে কিবা এটা পাবলৈ ইচ্ছা কৰে তেওঁলোকে সেইমতেই লাভ কৰিব; যদিহে মানসিক দৃঢ়তা থাকে।
68. வினை செயல்வகை · Modes of Action
தூங்குக தூங்கிச் செயற்பால தூங்கற்கதூங்காது செய்யும் வினை.
লাহেকৈ কৰিব পৰা কামত বিলম্ব কৰা,
কিন্তু য’ত বিলম্ব কৰিব নোৱাৰি তাক দ্ৰুতগতিত সমাপন কৰা।
কিন্তু য’ত বিলম্ব কৰিব নোৱাৰি তাক দ্ৰুতগতিত সমাপন কৰা।
69. தூது · The Envoy
இறுதி பயப்பினும் எஞ்சாது இறைவற்குஉறுதி பயப்பதாம் தூது.
নিজৰ জীৱন বিপদাপন্ন হ’লেও এজন
দূতে লাভজনক খবৰবোৰ ৰজাক প্ৰদান কৰে।
দূতে লাভজনক খবৰবোৰ ৰজাক প্ৰদান কৰে।
70. மன்னரைச் சேர்ந்து ஒழுகல் · Conduct in the Presence of the King
அகலாது அணுகாது தீக்காய்வார் போல்கஇகல்வேந்தர்ச் சேர்ந்தொழுகு வார்.
জুই পুৱাই থকাৰ সময়ত যিদৰে জুইৰ ওচৰতো থকা নাযায় দূৰতো থকা নাযায়; এজন বদমেজাজী ৰজাৰ সৈতে ঠিক তেনেদৰে থকা উচিত।
71. குறிப்பறிதல் · The Knowledge of Indications
அடுத்தது காட்டும் பளிங்குபோல் நெஞ்சம்கடுத்தது காட்டும் முகம்.
স্ফটিকত যিদৰে ওচৰত থকা সকলো বস্তুৰ প্ৰতিফলন ঘটে,
ঠিক তেনেদৰে মুখাৱয়বৰ জৰিয়তে মানুহৰ অন্তৰত থকা ভাৱৰ প্ৰতিফলন ঘটে।
ঠিক তেনেদৰে মুখাৱয়বৰ জৰিয়তে মানুহৰ অন্তৰত থকা ভাৱৰ প্ৰতিফলন ঘটে।
72. அவை அறிதல் · The Knowledge of the Council Chamber
அவையறிந்து ஆராய்ந்து சொல்லுக சொல்லின்தொகையறிந்த தூய்மை யவர்.
যি এটি পৱিত্ৰ মনৰ অধিকাৰী আৰু বাগ্মিতা সম্পৰ্কে জ্ঞাত,
তেওঁ সভাসদসকলৰ সৈতে খাপ খোৱা শব্দ ব্যৱহাৰ কৰা উচিত।
তেওঁ সভাসদসকলৰ সৈতে খাপ খোৱা শব্দ ব্যৱহাৰ কৰা উচিত।
73. அவை அஞ்சாமை · Not to dread the Council
கற்றாருள் கற்றார் எனப்படுவர் கற்றார்முன்கற்ற செலச்சொல்லு வார்.
সভাসদক যিজনে নিজৰ বক্তৃতাৰ সহায়েৰে মোহিত কৰি ৰাখিব পাৰে তেওঁ জ্ঞানীসকলৰ মাজত শ্ৰেষ্ঠ।
74. நாடு · The Land
பிணியின்மை செல்வம் விளைவின்பம் ஏமம்அணியென்ப நாட்டிற்கிவ் வைந்து.
স্বাস্থ্য, ধন, খেতিপথাৰ, আনন্দ আৰু
প্ৰতিৰক্ষা হৈছে এখন দেশৰ পাঁচবিধ অলংকাৰ।
প্ৰতিৰক্ষা হৈছে এখন দেশৰ পাঁচবিধ অলংকাৰ।
75. அரண் · The Fortification
மணிநீரும் மண்ணும் மலையும் அணிநிழற்காடும் உடைய தரண்.
পৰিষ্কাৰ পানী, মুক্তভূমি, পৰ্বত– হাবিৰে আগুৰা,
শীতলছায়া আদিয়ে এটা ভাল দুৰ্গ নিৰ্মাণত সহায় কৰে।
শীতলছায়া আদিয়ে এটা ভাল দুৰ্গ নিৰ্মাণত সহায় কৰে।
76. பொருள் செயல்வகை · Way of Accumulating Wealth
செய்க பொருளைச் செறுநர் செருக்கறுக்கும்எஃகதனிற் கூரிய தில்.
ধন উপাৰ্জন কৰা উচিত। ইয়াৰ জৰিয়তে
শত্ৰুৰ অহংকাৰ ধ্বংস কৰিব পাৰি।
শত্ৰুৰ অহংকাৰ ধ্বংস কৰিব পাৰি।
77. படை மாட்சி · The Excellence of an Army
மறமானம் மாண்ட வழிச்செலவு தேற்றம்எனநான்கே ஏமம் படைக்கு.
বীৰত্ব, সন্মান, পৰম্পৰা আৰু বিশ্বাসযোগ্যতা
হৈছে সৈন্য দলৰ প্ৰধান অস্ত্ৰ।
হৈছে সৈন্য দলৰ প্ৰধান অস্ত্ৰ।
78. படைச் செருக்கு · Military Spirit
பேராண்மை என்ப தறுகண்ஒன் றுற்றக்கால்ஊராண்மை மற்றதன் எஃகு.
শত্ৰুৰ লগত যুদ্ধ কৰাটো বিক্ৰমৰ কথা,
কিন্তু পৰাজিত শত্ৰুৰ প্ৰতি সহায় প্ৰদৰ্শন কৰাটো তাতোকৈও মহান।
কিন্তু পৰাজিত শত্ৰুৰ প্ৰতি সহায় প্ৰদৰ্শন কৰাটো তাতোকৈও মহান।
79. நட்பு · Friendship
உடுக்கை இழந்தவன் கைபோல ஆங்கேஇடுக்கண் களைவதாம் நட்பு.
দেহৰ পৰা খহি পৰিব খোজা কাপোৰখন ঠিক কৰিবলৈ যিদৰে হাতখন আগবাঢ়ি যায়,
ঠিক তেনেদৰে বিপদৰ সময়ত বন্ধুক ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা উচিত।
ঠিক তেনেদৰে বিপদৰ সময়ত বন্ধুক ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা উচিত।
80. நட்பாராய்தல் · Investigation in forming Friendships
கேட்டினும் உண்டோர் உறுதி கிளைஞரைநீட்டி அளப்பதோர் கோல்.
দুৰ্ভাগ্যতো কিবা ভাল থাকে,
বন্ধুক জুখিবলৈ এই কথা এডাল মাপদণ্ডৰ দৰে ।
বন্ধুক জুখিবলৈ এই কথা এডাল মাপদণ্ডৰ দৰে ।
81. பழைமை · Familiarity
பழைமை எனப்படுவது யாதெனின் யாதும்கிழமையைக் கீழ்ந்திடா நட்பு.
প্ৰকৃত আত্মীয়তাৰ অৰ্থ হৈছে বন্ধুৰ
স্বাধীনতাত হস্তক্ষেপ নকৰা।
স্বাধীনতাত হস্তক্ষেপ নকৰা।
82. தீ நட்பு · Evil Friendship
கனவினும் இன்னாது மன்னோ வினைவேறுசொல்வேறு பட்டார் தொடர்பு.
যিসকল মানুহে মুখেৰে কয় এটা আৰু কৰে এটা,
তেওঁলোকৰ সৈতে হোৱা বন্ধুত্বৰ সপোনো তিক্ত হৈ উঠে।
তেওঁলোকৰ সৈতে হোৱা বন্ধুত্বৰ সপোনো তিক্ত হৈ উঠে।
83. கூடா நட்பு · Unreal Friendship
தொழுதகை யுள்ளும் படையொடுங்கும் ஒன்னார்அழுதகண் ணீரும் அனைத்து.
শত্ৰুৱে চকুত চকুপানী লৈ কথা পাতিলে বিশ্বাস কৰা উচিত নহয়; যিদৰে নমস্কাৰ কৰা হাত দুখনৰ মাজত অস্ত্ৰ লুকাই থাকিব পাৰে।
84. பேதைமை · Folly
பேதைமை என்பதொன்று யாதெனின் ஏதங்கொண்டுஊதியம் போக விடல்.
মূৰ্খতা হৈছে ক্ষতিকাৰকখিনিক ধৰি ৰখা
আৰু ফলপ্ৰসূখিনিক ত্যাগ কৰা।
আৰু ফলপ্ৰসূখিনিক ত্যাগ কৰা।
85. புல்லறிவாண்மை · Ignorance
உலகத்தார் உண்டென்பது இல்லென்பான் வையத்துஅலகையா வைக்கப் படும்.
সমগ্ৰ পৃথিৱীয়ে সত্য বুলি গ্ৰহণ কৰা বিষয়ক যিজনে মিথ্যা বুলি বিবেচনা কৰে, তেওঁ অসুৰৰ সমপৰ্যায়ৰ।
86. இகல் · Hostility
இகலென்ப எல்லா உயிர்க்கும் பகலென்னும்பண்பின்மை பாரிக்கும் நோய்
ঘৃণা হৈছে এনে এক ৰোগ,
যিয়ে সকলো প্ৰাণীৰ মাজত কাজিয়াৰ সৃষ্টি কৰে।
যিয়ে সকলো প্ৰাণীৰ মাজত কাজিয়াৰ সৃষ্টি কৰে।
87. பகை மாட்சி · The Might of Hatred
வலியார்க்கு மாறேற்றல் ஓம்புக ஓம்பாமெலியார்மேல் மேக பகை.
নিজতকৈ বলৱানসকলৰ সৈতে শত্ৰুতা নকৰিবা,
(প্ৰয়োজনত) দুৰ্বলীসকলৰ সৈতে শত্ৰুতা বজাই ৰাখা।
(প্ৰয়োজনত) দুৰ্বলীসকলৰ সৈতে শত্ৰুতা বজাই ৰাখা।
88. பகைத்திறம் தெரிதல் · Knowing the Quality of Hate
பகைஎன்னும் பண்பி லதனை ஒருவன்நகையேயும் வேண்டற்பாற்று அன்று.
শত্ৰুতাক ধেমালিৰ ছলতো
গ্ৰহণ কৰা বাঞ্চনীয় নহয়।
গ্ৰহণ কৰা বাঞ্চনীয় নহয়।
89. உட்பகை · Enmity within
உடம்பாடு இலாதவர் வாழ்க்கை குடங்கருள்பாம்போடு உடனுறைந் தற்று.
ভিতৰি ঘৃণাৰ ভাৱ পুহি ৰখা সংগীৰ সৈতে বাস কৰা কাৰ্য; এটা কুটীৰত সাপৰ সৈতে একেলগে বসবাস কৰাৰ দৰে।
90. பெரியாரைப் பிழையாமை · Not Offending the Great
பெரியாரைப் பேணாது ஒழுகிற் பெரியாரால்பேரா இடும்பை தரும்.
মহানসকলৰ প্ৰতি শ্ৰদ্ধাৰ
অভাৱে অন্তহীন কষ্ট কঢ়িয়াই আনে।
অভাৱে অন্তহীন কষ্ট কঢ়িয়াই আনে।
91. பெண்வழிச் சேறல் · Being led by Women
மனைவிழைவார் மாண்பயன் எய்தார் வினைவிழைவார்வேண்டாப் பொருளும் அது.
পত্নীৰ প্ৰতি থকা লালসাই কোনো বস্তু আহৰণ কৰাত সহায় নকৰে। কৰ্তব্যপৰায়ণ পুৰুষে এনে কাৰ্যৰ পৰা বিৰত থাকে।
92. வரைவின் மகளிர் · Wanton Women
அன்பின் விழையார் பொருள்விழையும் ஆய்தொடியார்இன்சொல் இழுக்குத் தரும்.
সেই খাৰু পৰিহিতাসকলৰ মিঠা কথা শুনাটো অপমানজনক,
যিয়ে প্ৰেমৰ বাবে নহয়; মাত্ৰ ধনৰ বাবেহে কথা পাতে।
যিয়ে প্ৰেমৰ বাবে নহয়; মাত্ৰ ধনৰ বাবেহে কথা পাতে।
93. கள்ளுண்ணாமை · Not Drinking Palm-Wine
கள்ளுண்ணாப் போழ்திற் களித்தானைக் காணுங்கால்உள்ளான்கொல் உண்டதன் சோர்வு.
সংযমিত অৱস্থাত এজন মদাহীয়ে যদি অন্য এজন মদাহীৰ অৱস্থা দেখে,
তেতিয়াহ’লে তেওঁ নিজৰ মদাসক্ত অৱস্থাৰ কুপ্ৰভাৱৰ বিষয়ে জ্ঞাত নহ’ব নে?
তেতিয়াহ’লে তেওঁ নিজৰ মদাসক্ত অৱস্থাৰ কুপ্ৰভাৱৰ বিষয়ে জ্ঞাত নহ’ব নে?
94. சூது · Gambling
வேண்டற்க வென்றிடினும் சூதினை வென்றதூஉம்தூண்டிற்பொன் மீன்விழுங்கி அற்று.
জুৱাক পৰিহাৰ কৰা উচিত, এজনে জিকিলেও
ইয়াৰ পৰা পোৱা বিজয়খিনি মাছে বৰশী গিলাৰ দৰে।
ইয়াৰ পৰা পোৱা বিজয়খিনি মাছে বৰশী গিলাৰ দৰে।
95. மருந்து · Medicine
மாறுபாடு இல்லாத உண்டி மறுத்துண்ணின்ஊறுபாடு இல்லை உயிர்க்கு.
সংযেমেৰে শৰীৰৰ বাবে উপকাৰী খাদ্য গ্ৰহণ কৰা লোকৰ দেহত কোনো ৰোগে প্ৰভাৱ পেলাব নোৱাৰে।
96. குடிமை · Nobility
இற்பிறந்தார் கண்அல்லது இல்லை இயல்பாகச்செப்பமும் நாணும் ஒருங்கு.
পাপৰ প্ৰতি ভয় তথা নিৰপেক্ষতাৰ সমন্বয়সাধন,
মাত্ৰ কুলীনসকলৰ বাবেহে স্বাভাৱিক।
মাত্ৰ কুলীনসকলৰ বাবেহে স্বাভাৱিক।
97. மானம் · Honour
மயிர்நீப்பின் வாழாக் கவரிமா அன்னார்உயிர்நீப்பர் மானம் வரின்.
পুৰুষ এক হৰিণাৰ দৰে; যি হৰিণাই নোম সৰিবলৈ আৰম্ভ কৰিলে জীয়াই নাথাকে,
ঠিক তেনেদৰে পুৰুষেও সন্মান বৰ্তাই ৰাখিবলৈ জীৱন ত্যাগ কৰে।
ঠিক তেনেদৰে পুৰুষেও সন্মান বৰ্তাই ৰাখিবলৈ জীৱন ত্যাগ কৰে।
98. பெருமை · Greatness
பிறப்பொக்கும் எல்லா உயிர்க்கும் சிறப்பொவ்வாசெய்தொழில் வேற்றுமை யான்.
যদিও মানুহ জন্মতে একে প্ৰকৃতিৰ,
জীৱনত কৰা কামৰ বাবে তেওঁলোকৰ মূল্য পৃথক পৃথক ধৰণৰ হয়।
জীৱনত কৰা কামৰ বাবে তেওঁলোকৰ মূল্য পৃথক পৃথক ধৰণৰ হয়।
99. சான்றாண்மை · Perfectness
ஆற்றுவார் ஆற்றல் பணிதல் அதுசான்றோர்மாற்றாரை மாற்றும் படை.
নম্ৰতা হৈছে মহানসকলৰ মহানতা।
শত্ৰুতাক পৰিৱৰ্তন কৰিবলৈ ই এক উৎকৃষ্ট অস্ত্ৰ।
শত্ৰুতাক পৰিৱৰ্তন কৰিবলৈ ই এক উৎকৃষ্ট অস্ত্ৰ।
100. பண்புடைமை · Courtesy
அரம்போலும் கூர்மைய ரேனும் மரம்போல்வர்மக்கட்பண்பு இல்லா தவர்.
শিষ্টাচাৰহীন সকল লোৰ ধাৰ থকা অংশৰ দৰে তীক্ষ্ন নহওঁক কিয়,
মানৱীয় গুণৰ অভাৱত তেওঁলোক বৃক্ষৰ দৰে একেই।
মানৱীয় গুণৰ অভাৱত তেওঁলোক বৃক্ষৰ দৰে একেই।
101. நன்றியில் செல்வம் · Wealth without Benefaction
வைத்தான்வாய் சான்ற பெரும்பொருள் அஃதுண்ணான்செத்தான் செயக்கிடந்தது இல்.
যিজনে প্ৰচুৰ ধন-সম্পত্তি জমা কৰে কিন্তু অনুপযোগী কৰি ৰাখে,
তাক মৃত ব্যক্তি হিচাপে গণ্য কৰা হয়; কিয়নো তেনে ধন থাকিও সম্পত্তি নথকাৰ দৰে।
তাক মৃত ব্যক্তি হিচাপে গণ্য কৰা হয়; কিয়নো তেনে ধন থাকিও সম্পত্তি নথকাৰ দৰে।
102. நாணுடைமை · Shame
கருமத்தால் நாணுதல் நாணுத் திருநுதல்நல்லவர் நாணுப் பிற.
অনুচিত কৰ্ম কৰাৰ ফলত পোৱা লাজেই প্ৰকৃত লাজ। অন্য লাজবোৰ দৰাচলতে স্ত্ৰীৰ ক্ষেত্ৰতহে পোৱা যায়।
103. குடிசெயல் வகை · The Way of Maintaining the Family
கருமம் செயஒருவன் கைதூவேன் என்னும்பெருமையின் பீடுடையது இல்.
“মই কৰ্তব্যপৰায়ণ হৈ নিজৰ পৰিয়ালৰ কল্যাণ সাধন কৰিম।”- এই বুলি কৈ কাম কৰাতকৈ আৰু সন্মানজনক একোৱেই নাই।
104. உழவு · Farming
சுழன்றும்ஏர்ப் பின்னது உலகம் அதனால்உழந்தும் உழவே தலை.
কষ্টকৰ হ’লেও, পৃথিৱীৰ ভিতৰত কৃষিয়েই হৈছে শ্ৰেষ্ঠ বাণিজ্য। পৃথিৱীখন ইয়াৰ ওপৰতে নিৰ্ভৰশীল।
105. நல்குரவு · Poverty
இன்மையின் இன்னாதது யாதெனின் இன்மையின்இன்மையே இன்னா தது.
দৰিদ্ৰতাতকৈ আৰু দুখজনক কি হ’ব পাৰে?
দৰিদ্ৰতা নিজেই দৰিদ্ৰতাৰ সমান দুখজনক।
দৰিদ্ৰতা নিজেই দৰিদ্ৰতাৰ সমান দুখজনক।
106. இரவு · Mendicancy
இரக்க இரத்தக்கார்க் காணின் கரப்பின்அவர்பழி தம்பழி அன்று.
যোগ্য সকলৰ পৰা ভিক্ষা বিচৰা; যদিহে তেওঁলোকে দিবলৈ অগ্ৰাহ্য
কৰে, তেতিয়া দোষ তেওঁলোকৰহে, তোমাৰ নহয়।
কৰে, তেতিয়া দোষ তেওঁলোকৰহে, তোমাৰ নহয়।
107. இரவச்சம் · The Dread of Mendicancy
இரந்தும் உயிர்வாழ்தல் வேண்டின் பரந்துகெடுக உலகியற்றி யான்.
এই পৃথিৱীৰ স্ৰষ্টাজনক ভিক্ষাৰীৰ বেশেৰে ঘূৰিবলৈ দিব লাগে। তেতিয়া তেওঁ নিজেও আশ্চৰ্যবোধ কৰি নিশ্চিহ্ন হৈ পৰিব।
108. கயமை · Baseness
மக்களே போல்வர் கயவர் அவரன்னஒப்பாரி யாங்கண்ட தில்.
যিমানেই নীচ স্থানত নাথাকক মানুহৰ মাজত বাহ্যৰূপৰ সাদৃশ্য দেখা যায়। কিন্তু মানুহৰদৰে এনে সাদৃশ্য অইন ক’তো দেখা নাযায়।
অনুবাদ © চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাছিকেল তামিল, চেন্নাই · CC BY 4.0 · 22টা ভাষাত তিৰুক্কুৰল





